Type Here to Get Search Results !

শিক্ষা সঞ্চালক, মোৰ পুৰণি বন্ধু বাবুলাল

  জুন৷ ২০১৫ চন৷ কোকৰাঝাৰৰ উপায়ুক্তৰ দায়িত্বভাৰ মাধৱ শর্মাক চমজাই দি আহি প্রাথমিক শিক্ষা বিভাগৰ সচিব হিচাবে কামত যোগদান কৰি বিভাগীয় মন্ত্রীক সৌজন্যমূলক সাক্ষাতৰ বাবে তেখেতৰ কোঠাত সোমালোঁ৷ শিক্ষা বিভাগৰ প্রধান সচিব পৱন কুমাৰ বৰঠাকুৰ, সচিব ৰমেশ চান্দ জৈন, আয়ুক্ত সচিব প্রতীম শইকীয়াকে ধৰি জ্যেষ্ঠসকল চকীৰ প্রথম শাৰীত৷ দ্বিতীয় শাৰীত আমি দ্বিতীয় শ্রেণীৰ বিষয়াসকল৷ মাধ্যমিক শিক্ষা সঞ্চালক, মোৰ পুৰণি বন্ধু বাবুলাল শর্মাৰ কাষৰ চকীখনতে বহিলোঁ৷ মন্ত্রী মহোদয় বিভাগীয় কথা–বার্তাত জ্যেষ্ঠ বিষয়াসকলৰ লগত ব্যস্ত৷ আমি শ্রোতা৷ তাতেই মই নতুন৷ আজিও প্রথম দিন৷ একো আও–ভাও বুজি পোৱা নাই৷ শ্রোতা হোৱাৰ গুণ বহুত৷ শুনিলেই বহু কথাই জানিব পাৰি৷ ভাল বত্তৃণতা শুনা মানেই ভাল কিতাপ পঢ়াৰ দৰেই মই শুনিয়েই বিভাগটোৰ আঁতি–গুৰি ল’বলৈ চেষ্টা কৰিছোঁ৷ বাবুলালে লাহেকৈ সুধিলে, ‘ছাৰ, জইন কৰিলে নেকি?’ মই মূৰ দুপিয়াই হয় বুলি ইংগিত দিলোঁ৷ শর্মাইCongratulation বুলি ক’লে৷ লগতে ক’লে, ‘ছাৰ আজি বগা ছার্ট পিন্ধি আহিছে নহয়, যাবৰ দিনা দেখিব বগা চোলাটোত ক’লা চিয়াঁহীৰ ফুটফুটীয়া দাগ৷ কোনে ছটিয়াই দিলে আপুনি গমকেই নাপাব৷’ মই নিজকে চালোঁ৷ হয়, আজি মই ক’লা লংপেণ্ট আৰু বগা ছার্ট পিন্ধি আহিছোঁ৷ মন্ত্রীক দেখা কৰাৰ কথা৷ ব্যক্তি আৰু ঠাই বিশেষে আমাৰ সাজ–পোছাক মার্জিত হোৱাটো বাঞ্ছনীয়৷ কোনোবা এজন জ্যেষ্ঠ বিষয়াই চাকৰিৰ আৰম্ভণিতে শিকাইছিল– হাইক’ট বা অন্য ন্যায়ালয়ত হাজিৰ হ’বলগীয়া হ’লে মার্জিত পোছাকত যাব লাগে৷ হাত দীঘল বগা ছার্ট হ’লে ভাল৷ জীনছৰ পেণ্ট, জীনছৰ ছার্ট, স্প’র্টিং, হাফ ছার্ট আদি পিন্ধি যাব নালাগে৷ ইত্যাদি৷ বাবুলালৰ কথাখিনি ভালকৈ বুজি নাপাই সুধিলোঁ, ‘কি কৈছে শর্মা? বুজা নাই৷’ তেখেতে ‘সময়ত বুজিব ছাৰ’ বুলি এটা অর্থপূর্ণ হাঁহি মাৰিলে৷

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.